Skip to main content

পঞ্চম শ্ৰেণীৰ পৰিবেশ

           পঞ্চম মান -পৰিৱেশ

 পাঠ-১    আমাৰ পৰিবেশ

১। উত্তৰ লিখা -
(ক) পৰিবেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি?
উত্তৰঃ উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কিট-পতংগ, অনুজীৱ, আদি হ'ল পৰিবেশৰ জৈৱিক উপাদান।
(খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা ?
উত্তৰঃ পেংগুইন চৰাইৰ গাটো দীঘলীয়া ডিম্বাকৃতিৰ আৰু সৰু সৰু পাখিৰে আৱৰা। ডেউকা দুখন সৰু সৰু।
(গ) শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা।
উত্তৰঃ ৰংঘৰ, তলাতল ঘৰ।
(ঘ) পৰিবেশৰ অজৈৱিক উপাদান সমূহ কি কি ?
উত্তৰঃ বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ আদি হ'ল পৰিবেশৰ অজৈৱিক উপাদান।
(ঙ) মানৱ সৃষ্ট পৰিবেশ বুলিলে কি বুজা  ?
উত্তৰঃ মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ পৰিবেশৰ বিভিন্ন উপাদানৰে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং,  উদ্যান আদি সৃষ্টি কৰাই হৈছে মানৱ সৃষ্ট পৰিবেশ।
(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল, আৰু দুখন সত্ৰৰ নাম লিখা।
উত্তৰঃ দুটা মন্দিৰ - কামাখ্যা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ, দুটা দৌল - শিৱ দৌল আৰু জয় দৌল, দুখন সত্ৰ - আউনীআটী আৰু কমলাবাৰী সত্ৰ।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা -
উত্তৰঃ
তেজপুৰ - অগ্নিগড়
কামৰূপ - পোৱামক্কা
গোৱালপাৰা - সূৰ্য পাহাৰ
ধুবুৰী - টেগবাহাদুৰৰ গুৰুদ্বাৰ
কাছাৰ - ভূৱন পাহাৰৰ মন্দিৰ

৩। খালী ঠাই পূৰ কৰা -
(ক) মৰুভূমিৰ প্ৰাণীৰ ছাল.........আৰু........... ।
উত্তৰঃ ডাঠ, নোমাল।
(খ) বগা ভালুক........... অঞ্চলত থাকে।
উত্তৰঃ মেৰু
(গ) তৃণভূমি অঞ্চলত…........ পোৱা যায়।
উত্তৰঃ বিভিন্ন জীৱ জন্তু।
(ঘ) পানবাৰী............ মছজিদ ঐতিহ্যৰ প্ৰতীক।
উত্তৰঃ মিৰজুমলাৰ।
৪। তলৰ উক্তিসমুহ শুদ্ধ কৰি লিখা -
(ক) বগা ভালুক /হৰিণা /জেব্ৰা মেৰু অঞ্চলৰ প্ৰানী।
উত্তৰঃ বগা ভালুক মেৰু অঞ্চলৰ প্ৰানী।
(খ) ছীল /বল্গা হৰিণ /য়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে।
উত্তৰঃ বল্গা হৰিণৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।
(গ) জিৰাফ /সিংহ /বাঘৰ গাৰ ৰং ধূসৰ।
উত্তৰঃ সিংহৰ গাৰ ৰং ধূসৰ।
**************************************************

পাঠ ২          পৰিস্থিতি তন্ত্ৰ

১। উত্তৰ লিখা -
(ক) পৰিবেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি?
উত্তৰঃ জৈৱিক উপাদানবোৰ হ'ল- উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অনুজীৱ ইত্যাদি। অজৈৱিক উপাদানবোৰ হ' ল - বায়ু, পানী, মাটি, তাপ, পোহৰ ইত্যাদি।
(খ) উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়?
উত্তৰঃ উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লোৱাৰ বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়।
(গ) উপভোক্তা কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ উপভোক্তা তিনি প্ৰকাৰৰ -
১। প্ৰাথমিক উপভোক্তা।
২। গৌন বা দ্বিতীয় উপভোক্তা।
৩। তৃতীয় শ্ৰেণীৰ উপভোক্তা।
(ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে?
উত্তৰঃ বিয়োজকে উদ্ভিদ আৰু প্ৰাণী দেহৰ অংশসমূহৰ বিয়োজন ঘটাই গেলি পচি যোৱাত সহায় কৰা বাবে আমি জৈৱিক সাৰ পাওঁ।
(ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা।
উত্তৰঃ ১। পুখুৰী, ২। ঘাঁহনি আৰু ৩। অৰণ্য।
২। খালী ঠাই পূৰ কৰা-
(ক) শামুক হ'ল…..... উপভোক্তা ।
উত্তৰঃ প্ৰাথমিক
(খ) এটাতকৈ অধিক.......... মিলি খাদ্যজালৰ সৃষ্টি হয়।
উত্তৰঃ খাদ্যশৃংখল।
(গ) শেন হ'ল...…..... শ্ৰেণীৰ উপভোক্তা।
উত্তৰঃ তৃতীয়।
(ঘ) খাদ্যজালত এটাতকৈ.......... খাদ্যশৃংখল থাকে।
উত্তৰঃ অধিক।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা -
(ক) খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ /প্ৰাণী /অনুজীৱ থাকে।
উত্তৰঃ খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে।
(খ) বিয়োজকে /উৎপাদকে /উপভোক্তাই খাদ্য প্ৰস্তুত কৰে।
উত্তৰঃ উৎপাদকে খাদ্য প্ৰস্তুত কৰে।
(গ) উৎপাদকে /বিয়োজকে /উপভোক্তাই মৃত্যুদেহ গেলি পচি যোৱাত সহায় কৰে।
উত্তৰঃ বিয়োজকে মৃত্যুদেহ গেলি পচি যোৱাত সহায় কৰে।
***********************************************

পাঠ - ৩   অসমৰ সংস্কৃতি
১। উত্তৰ লিখা -
(ক) অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা।
উত্তৰঃ
(খ) কিছুমান আ-অলংকাৰৰ নাম লিখা।
উত্তৰঃ
(গ) তিনিটা নৃত্যৰ নাম লিখা।
(ঘ) প্ৰাচীনকালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখা।
উত্তৰঃ
(ঙ) চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।
উত্তৰঃচিৰা, মুৰি, তিল পিঠা আৰু ঘিলা পিঠা।
২। "ক" অংশৰ লগত "খ" মিলোৱা -
উত্তৰঃ
বড়ো - দখনা
ডিমাছা - ৰিগু ৰিজাম্ফাই
কাৰ্বি - পিনি
অসমীয়া - মেখেলা
৩। খালী ঠাই পূৰ কৰা -
(ক) খেৰাই পূজা........ সকলে পালন কৰে।
উত্তৰঃ বড়ো।
(খ) কাৰ্বিসকলৰ ঘাই উৎসৱ......... আৰু...... ।
উত্তৰঃ ৰংকাৰ, হেচ্ছা ।
(গ) মিচিংসকলে.......... পালন কৰে।
উত্তৰঃ আলি-আই-লিগাং।
(ঘ) ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে......... আৰু........ ।
উত্তৰঃ ৰাজিনীগাব্ৰা, হানিগাব্ৰা।
***********************************************

পাঠ-৪         প্ৰাকৃতিক সম্পদ

১। উত্তৰ লিখা -
(ক) অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যবান উদ্ভিদৰ নাম।
উত্তৰঃ শাল, চেগুন, শিশু, আজাৰ ।
(খ) বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম।
উত্তৰঃ লাউ, জিকা, ভোল, কোমোৰা ।
(গ) অসমৰ তিনিখন বিলৰ নাম।
উত্তৰঃ দীপৰ বিল, চান্দডুবি বিল, চামগুৰি বিল।
(ঘ) অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম।
উত্তৰঃ জুইশলা উদ্যোগ আৰু কাগজ উদ্যোগ।
(ঙ) বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদ বিধৰ নাম।
উত্তৰঃ চূনশিল।
(চ) চূনশিলৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম।
উত্তৰঃ চকপেঞ্চিল আৰু ৰং।

Comments

Popular posts from this blog

English for class v.

    LESSON -- 1 Q1. Find out the words meaning of  the following from the poem. Words                           Meaning Great.                           Large/big/verygood Beautiful.                     Nice Pretty.                           Lovely Creatures.                   All things of  earth Wonderful.                    Sometimes excited Bright.                            Glowing Tiny.                               Very small Wings.           ...

চতুৰ্থ শ্ৰেণীৰ পৰিবেশ

                        চতুৰ্থ মান - পৰিৱেশ পাঠ-১      পৰিয়াল ১। চমু উত্তৰ দিয়া (ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে ? উত্তৰ : পৰিয়াল এটা মুৰব্বীয়ে পৰিচালনা কৰে । (খ) অনিতাৰ পৰিয়ালৰ সদস্য  কেইজন ? উত্তৰ: অনিতাৰ পৰিয়ালৰ সদস্য  । (গ) অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰ অন্তৰ্গত ? উত্তৰ: অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত । (ঘ) শশাংকুৰ পৰিয়ালটো কি পৰিয়াল ? উত্তৰ: শশাংকুৰ পৰিয়ালটো হৈছে একক পৰিয়াল । ২। খালী ঠাই পূৰ কৰা - (ক) সমাজৰ এটা প্ৰাথমিক গোট হল        ..................... । উত্তৰ ঃ  পৰিয়াল । (খ) পৰিয়াল এটা শৃংখলাবদ্ধভাবে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে          নিজা নিজা................. থাকে । উত্তৰঃ কিছুমান নীতি নিয়ম। (গ)  শশাংকুৱে ধুনীয়া................ আঁকে। উত্তৰঃ ছবি। (ঘ)   শিক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা......... ৰে বুজায় । উত্তৰঃ ইংগিত আৰু অংগ ভংগী। ৩। উত্তৰ লিখা- (ক) একক পৰিয়াল বুলিলে কি বুজা? উত্তৰঃ কেৱল ম...